November 16, 2025 6:52 PM

views 38

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত সংঘটিত এটা অগ্নিকাণ্ডত দম্পতীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত আজি দুপৰীয়া সংঘটিত এটা অগ্নিকাণ্ডত দম্পতীৰ মৃত্যু হয়। কন্যাৰ জন্মদিন উদযাপনৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হৈ দেৱ চৌধুৰী আৰু পম্পী কলিতাৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনাইছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে আঠখনকৈ অগ্নি নির্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপন কৰে। পৰিয়ালটো সেই ঠাইত দীর্ঘদিন ধৰি ভাৰাতীয়া হিচাপে বাস কৰিছিল বুলি আৰক্ষীয়ে জনাইছে।