April 23, 2024 1:04 PM

views 54

গুজৰাটৰ ছুৰাট লোকসভা আসনত বিনাপ্রতিদ্বন্দ্বিতাৰে বিজেপিৰ জয়লাভ

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা গুজৰাটৰ লোকসভা নিৰ্বাচনৰ ছবিখন স্পষ্ট হৈ পৰিছে। বিজেপি দলে কালি গুজৰাটৰ ছুৰাট লোকসভা আসনখনত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে ছুৰাট লোকসভা আসনখনৰ বাবে কংগ্ৰেছৰ প্রার্থী নীলেশ কুম্ভানীৰ মনোনয়ন প্ৰস্তাৱকগৰাকীৰ স্বাক্ষৰৰ অমিলৰ বাবে অবৈধ ঘোষণা কৰা হৈছিল। কংগ্ৰেছৰ বিকল্প প্রার্থী সুৰেশ পাড়ছালাৰ মনোনয়ন পত্ৰও অবৈধ ঘোষিত হোৱাৰ ফলত ছুৰাট আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছৰ কোনো প্রার্থী নাথাকিল। কালি আন ৮ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয...