May 10, 2025 11:26 AM

views 17

গুজৰাট চৰকাৰৰ সীমান্ত অঞ্চলসমূহত স্বাস্থ্য সেৱা সুলভ, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান-মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

ভাৰত আৰু পাকিস্তানৰ মাজত বর্ধিত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট চৰকাৰে সীমান্ত অঞ্চলসমূহত স্বাস্থ্য সেৱা সুলভ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পৰ্যাপ্ত কৰা আৰু এইসমূহৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলে কালি নিশা ৰাজ্যিক জৰুৰীকালীন সঞ্চালন কেন্দ্ৰত এখন উচ্চস্তৰীয় বৈঠকত মিলিত হৈ সীমান্ত জিলাসমূহৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। পাকিস্তানৰ সৈতে ভূমি আৰু জলসীমাৰে সংযোগ হৈ থকা গুজৰাটেই একমাত্ৰ ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই অঞ্চ...