May 8, 2025 11:15 AM

views 49

সিন্দূৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত সর্বদলীয় বৈঠক

চৰকাৰে সিন্দূৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলক এই অভিযানৰ বিষয়ে অৱগত কৰিব। বিভিন্ন দলৰ নেতাই দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ সিন্দূৰ অভিযানক প্ৰশংসা কৰিছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সশস্ত্র বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থাক লৈ গৌৰৱ প্ৰকাশ কৰিছে। বিৰোধী পক্ষই ইয়াৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ পাছত চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।