June 20, 2024 12:12 PM

views 43

বিশ্ববিদ্যালয় অনুদান আয়োগৰ জুনৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল

চৰকাৰে জুনত অনুষ্ঠিত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল কৰিছে। পৰীক্ষাৰ নতুন সূচী আৰু তথ্য পুনৰ প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই দাখিল কৰা কিছু তথ্যৰ পাছতে পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয়। বিষয়টোৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত অৰ্পণ কৰা হৈছে। দেশৰ বিভিন্ন চহৰত যোৱা মঙলবাৰে এই পৰীক্ষা অনুষ্ঠিত হৈছিল।