July 12, 2026 11:25 AM

views 33

মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক অসমৰ ৰাজ্যপালৰ সম্বর্ধনা জ্ঞাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি লোক ভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্ব সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বর্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গড়ক অভিনন্দন জনায় ৰাজ্যপালগৰাকীয়ে কয়, যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল নিদর্শন। পৰ্বতাৰোহীগৰাকীৰ সাফল্যই যুৱ প্ৰজন্ম বিশেষকৈ ছোৱালীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু শ্রেষ্ঠত্ব অৰ্জনৰ পথৰ ব্ৰতী হ'বলৈ অনুপ্রাণিত কৰিব বুলি ৰাজ্যপাল আচার্যই প্রকাশ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে ভৱিষ্যত...