December 7, 2025 6:58 PM

views 47

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সশস্ত্র বাহিনীৰ পতাকা দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সশস্ত্র বাহিনীৰ পতাকা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি লোকভৱনত আয়োজিত এটা কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ হৈ প্ৰাণ ত্যাগ কৰা বীৰ জোৱানৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্রাক্তন সেনা জোৱানকো সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ লগতে সশস্ত্র বাহিনীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে এই দিৱসৰ লগত সংগতি ৰাখি এখন কেলেণ্ডাৰো উন্মোচন কৰে। শ্ৰীআচাৰ্যই ইয়াৰ পূর্বে আজি পুৱা কেপ্তেইন যতীন্দ্ৰ চন্দ্ৰ ৰয়ৰ সাতগাঁৱত থক...

November 1, 2025 9:07 PM

views 53

দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত আয়োজিত অমৰ ছহিদ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যপালগৰাকীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

August 17, 2024 7:09 PM

views 49

পথৰুঘাট কৃষক শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যৰ

অসমৰ নৱ-নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি দৰং জিলাত অৱস্থিত ঐতিহাসিক পথৰুঘাট কৃষক শ্বহীদ সমাধিক্ষেত্ৰত উপস্থিত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ আত্ম বলিদান আৰু ত্যাগৰ আদৰ্শ আগবঢ়াই নিয়াৰ বাবে কাম কৰি যাব বুলি সংবাদ মাধ্যমক অৱগত কৰে। আজিৰ অনুষ্ঠানত সাংসদ দিলীপ শ‍ইকীয়া বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দৰং জিলাৰ আয়ুক্তকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ১৮৯৬ চনৰ ২৮ ...