December 22, 2025 12:21 PM

views 27

আৰাৱলীৰ পৰিৱেশতন্ত্ৰ ধ্বংস হোৱাৰ বাতৰিক নস্যাৎ কৰি আৰাৱলীৰ পৰিৱেশতন্ত্ৰ সম্পূৰ্ণৰূপে অটুট থকা বুলি চৰকাৰৰ নিশ্চিতি

আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হোৱাৰ ভিত্তিহীন উৰাবাতৰিক নস্যাৎ কৰি চৰকাৰে আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে অটুট থকা বুলি নিশ্চিত কৰে। এটা প্ৰেছ বিজ্ঞপ্তিত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কয়, যে বনানিকৰণ, জৈৱ সংবেদনশীল অঞ্চলৰ ঘোষণা আৰু খনন তথা নগৰীয়া কাৰ্যকলাপৰ কঠোৰ নীৰিক্ষণৰ বাবে আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ অটুট আছে আৰু ই দেশৰ প্ৰাকৃতিক ঐতিহ্য তথা পৰিৱেশতন্ত্ৰৰ ঢাল হৈ থকাটো নিশ্চিত হৈছে। মন্ত্রালয়ে লগতে কয়, যে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে আৰাৱলীৰ পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰিব লাগিব।