November 27, 2024 8:57 PM

views 23

ৰে’লগাড়ীৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাইঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

চৰকাৰে ৰে’লগাড়ীসমূহৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাই বুলি প্ৰকাশ কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষত এল এইচ বি দবাবিশিষ্ট মেইল এক্সপ্ৰেছ ৰেলগাড়ীসমূহৰ ছশৰো অধিক অসংৰক্ষিত দবা সংযুক্ত কৰা হৈছে। তেওঁ লগতে কয়, যে বৰ্ধিত চাহিদালৈ চাই ৰে’ল বিভাগে অসংৰক্ষিত আৰু শ্লিপাৰসহ ১০ হাজাৰৰো অধিক দবা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে।