April 20, 2025 8:33 PM

views 30

ৰাভা হাছং ষষ্ঠ অনুসূচীৰ দাবী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি গৌৰীশংকৰ ৰাভাৰ দেহাৱসান

গোৱালপাৰা জিলাৰ দুধনৈৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ৰাভা হাছং ষষ্ঠ অনুসূচীৰ দাবী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি গৌৰীশংকৰ ৰাভাৰ আজি দেহাৱসান ঘটে। ২০০৩ চনৰ পৰাই জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জড়িত থকা ৰাভা বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান-প্রতিষ্ঠানতো ওতঃপ্ৰেতঃভাৱে জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। ৰাভাৰ মৃত্যুত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে ৰাভা জনগোষ্ঠীয় বিভিন্ন দল সংগঠন তথা ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে।