June 30, 2026 12:58 PM

views 5

খাৰঘূলি অঞ্চলৰ পৰা ৩৮ কিলোগ্রাম সোণ জব্দ লতাশিল আৰক্ষীৰ

লতাশিল আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই খাৰঘূলি অঞ্চলৰ পৰা ৩৮ কিলোগ্রাম সোণ জব্দ কৰাৰ লগতে অক্ষয় বনাসুৰ নামৰ এজন যুৱকক আটক কৰিছে। বিস্কুটৰ আকাৰত মজুত ৰখা সোণখিনি ক'ৰ পৰা অনা হৈছিল এই সন্দর্ভত যুৱকজনে কোনো তথ্য সদৰি কৰা নাই। আৰক্ষীয়ে জব্দ কৰা সোণখিনিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চক্র জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে।