January 8, 2025 1:32 PM

views 34

আজিৰে পৰা গোলাঘাট অ’পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতা

অসম টেনিছ সন্থাৰ তত্বাৱধানত গোলাঘাট টেনিছ ক্লাৱে আয়োজন কৰা গোলাঘাট অ'পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতাখন আজি আৰম্ভ হ'ব। ল'ৰাৰ ছিংগলছত ক্ৰমে ১০, ১২, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ লগতে ছোৱালীৰ ছিংগলছত ক্ৰমে ১০, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ ইভেণ্টত প্ৰতিযোগিতাৰ খেলসমূহ অহা ১২ জানুৱাৰীলৈ গোলাঘাট টেনিছ কমপ্লেক্সত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে প্রাক্তন ক্রীড়াবিদ দিবাকৰ বৰুৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।