February 16, 2025 12:21 PM

views 36

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত অসম আৰক্ষীৰ বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে নগদ ধন জব্দ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ১২ নম্বৰ ক'লাজান গাঁৱৰ এজন লোকৰ বাসগৃহত কালি মেৰাপানী আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে নগদ ধন জব্দ কৰে। আৰক্ষীয়ে অঞ্চলটোৰ এগৰাকী মহিলাৰ গৃহত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ হেৰইনৰ লগতে চাৰে ৫ লাখ টকাৰো অধিক নগদ ধন জব্দ কৰাৰ উপৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। লোক কেইজনৰ জিম্মাৰ পৰা নিচাযুক্ত টেবলেট, ৬ গ্রাম হেৰ'ইন আৰু ৯টা ম'বাইল হেণ্ডছেট জব্দ কৰা হয়। একেদৰে ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত মাহমৰা থুলাইচুক গাঁৱৰ পৰা টিংখাং আৰক্ষীয়ে মাদকদ্রব্...

January 5, 2025 11:34 AM

views 30

গোলাঘাট জিলাৰ মেৰাপানী ডি চেক্টৰত নাগালেণ্ড চৰকাৰৰ চালানলৈ শিল-বালি সৰবৰাহ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমাৰ মেৰাপানী ডি চেক্টৰৰ বিবদমান এলেকাৰ সৰুপানী অঞ্চলত বহুসংখ্যক ষ্টোন ক্ৰাচাৰ গঢ়ি উঠিছে। নাগালেণ্ড চৰকাৰৰ বন বিভাগৰ পৰা চালান লৈ ডাম্পাৰবোৰে শিল- বালি সৰবৰাহ কৰাৰ ফলত ৰাজ্য চৰকাৰে বুজন পৰিমানৰ ৰাজহ হেৰুৱাইছে বুলিও অঞ্চলটোৰ সচেতন মহলে অভিযোগ কৰিছে।

December 1, 2024 7:17 PM

views 22

গোলাঘাট জিলাৰ বোকাখাটত পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত

গোলাঘাট জিলাৰ বোকাখাট সমজিলা ভাৰোত্তলন সংস্থাৰ উদ্যোগত আজি পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত হয়। মন্ত্রী অতুল বৰাই উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ আৰম্ভণিতে কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্রীড়াবিদক সম্বৰ্ধনা জনোৱা হয়।