May 11, 2025 7:57 PM

views 33

গোলাঘাট জিলাৰ খুমটাইৰ মৌখোৱাত বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু

গোলাঘাট জিলাৰ খুমটাইৰ মৌখোৱাত আজি পুৱা বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু হয়। এই ঘটনাত দুগৰাকী গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি পুৱা টিউচন কৰিবলৈ অহা তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ গাত বিদ্যুৎ প্ৰৱাহিত তাঁৰ ছিগি পৰে আৰু লগে লগে মৌখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাজিদুৰ ৰহমানৰ মৃত্যু হয়। বিদ্যুৎ প্রবাহৰ ফলত সপ্তম শ্ৰেণীৰ ছাত্ৰী ফাৰিহা আহমেদ আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছফিকুল আহমেদ গুৰুতৰভাৱে আহত হয়। দুয়োগৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।