March 16, 2025 7:14 PM

views 25

যোদ্ধাৰ উদ্যোগত খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত

গোলাঘাট জিলাৰ সামাজিক বেচৰকাৰী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত আজি খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত হয়। ৰাজ্যত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ তথা গুটখা জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শ‍ইকীয়াৰ লগতে কেইবাশ শিশু, চেমনীয়া আৰু পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।