November 9, 2025 12:08 PM

views 62

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ

প্রশাসনে গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুন্ডে কালি প্রকাশ কৰা মতে উচ্ছেদ অভিযানৰ বাবে অবৈধভাবে দখল কৰি থকা ভূ-ভাগক পাঁচটা খণ্ডত ভাগ কৰা হৈছে আৰু ইয়াৰে এটা অংশতহে এতিয়াও একাংশ লোক আছে। তেওঁ কয়, যে প্রশাসনে জনসাধাৰণক আজিৰ ভিতৰত দখল কৰা এলেকা ত্যাগ কৰাৰ সময় বান্ধি দিছে। উচ্ছেদৰ বিৰুদ্ধে ইতিপূর্বে দাখিল কৰা তিনিখন আবেদন সন্দৰ্ভত গুৱাহাটী উচ...