April 17, 2025 10:36 AM

views 21

অক্টোবৰৰ ভিতৰত মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীৰ প্রকাশ

অক্টোবৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি গুৱাহাটীৰ কালাপাহাৰত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু জি এম চি এইচ চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয় পৰিদৰ্শন কৰি কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক দেশৰ ভিতৰতে অন্যতম বৃহৎ‍ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে।...