June 26, 2026 8:02 PM

views 21

পার্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা বাবে বিশেষ পদক্ষেপ গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটীৰ বাসিন্দাসকলৰ দীর্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পার্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত আজি উজান বজাৰত পৌৰ নিগমৰ অধীনস্থ যিকোনো পার্কিং আৰু বজাৰ লীজধাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মেয়ৰ শৰণীয়াই কয় যে লীজধাৰীৰ হৈ মাচুল সংগ্ৰহ কৰা প্ৰতিজন কৰ্মচাৰীক নিৰ্ধাৰিত ইউনিফর্ম পৰিধান কৰিব লাগিব। কেৱল গুৱাহাটী পৌৰ নিগমে অনুমোদিত আৰু সত্যায়িত ৰছিদ বহীৰ জৰিয়তে মাচুল সংগ্ৰহ কৰিব পাৰিব। প্ৰতিজন ম...