February 23, 2025 7:59 PM

views 33

মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন সোমবাৰে নতুন দিল্লীত

শান্তি ৰক্ষাত মহিলা গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা কেন্দ্ৰ তথা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সহযোগত দুদিনীয়া কাৰ্য্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। গ্লোৱেল ছাউথৰ দেশসমূহৰ ৩৫ টা বাহিনীৰ মহিলা শান্তি ৰক্ষকে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই সন্মিলনত মুখ্য ভাষণ দিব।