August 17, 2024 6:03 PM

views 67

২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশ আশা কৰাতকৈ অধিক হৈছে বুলি ডº গীতা গোপীনাথৰ প্ৰকাশ

আন্তর্জাতিক মুদ্ৰা নিধি, আই এম এফৰ প্ৰথমগৰাকী উপ-পৰিচালন সঞ্চালক ডº গীতা গোপীনাথে কৈছে যে, ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশ আশা কৰাতকৈ অধিক হৈছে। তেওঁ দৃঢ়তাৰে কয় যে ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শ্রীমতী গোপীনাথে কয় যে, দেশখনে অনাগত ৫-৬ বছৰত কেইবালাখো অতিৰিক্ত কর্মসংস্থাপন সৃষ্টি কৰাৰ প্রয়োজন আছে। তেওঁ উল্লেখ কৰে যে, দুচকীয়া যান-বাহন বিক্ৰীৰ পৰা আৰম্ভ কৰি উপভোক্তা সামগ্ৰীৰ দ্ৰুত সৰবৰাহত ভাৰতে উল্লেখযোগ্য প্রগতি লাভ কৰিছে।