March 17, 2025 12:42 PM

views 20

গুৱাহাটীৰ সৰুসজাই ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতা

অসম বাস্কেট বল সংস্থাই ভাৰতীয় বাস্কেট বল ফেডাৰেচনৰ সহযোগত আজিৰে পৰা সৰুসজাই ইনড'ৰ ষ্টেডিয়ামত ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখনৰ আজি সন্ধিয়া উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ২৪ মাৰ্চত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব।