June 14, 2025 12:01 PM

views 47

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰে এই পদক্ষেপসমূহ শপতনামা ৰূপত ন্যায়ালয়ত দাখিল কৰে। ৰাজ্য চৰকাৰৰ হৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব আল আজাহাৰ আলীয়ে দাখিল কৰা শপতনামাত সন্নিৱিষ্ট তথ্য অনুসৰি মহানগৰীৰ মাজেৰে বৈ যোৱা বাহিনী নৈৰ খনন আৰু সংৰক্ষণৰ বাবে ১৮৩ কোটি টকাৰ বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰা হৈছে । ইতিমধ্যে প্ৰস্তাৱিত প্রকল্...