October 26, 2024 1:38 PM

views 32

ইউক্রেইনৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশৰ বাবে ভাৰত-জাৰ্মানীৰ উদ্বেগ প্রকাশ

ভাৰত আৰু জাৰ্মানীয়ে ইউক্রেইনত চলি থকা যুদ্ধ আৰু এই যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশসমূহৰ বাবে উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সপ্তম ভাৰতজার্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ ছ’জে কয় যে, ইউক্রেইনত আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি শান্তি প্ৰক্ৰিয়াৰ প্ৰয়োজন আহি পৰিছে। দুয়োগৰাকী নেতাই বিশেষকৈ উন্নয়নশীল দেশসমূহত খাদ্য আৰু শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইউক্রেইনৰ যুদ্ধৰ নেতিবাচক প্রভাব সন্দৰ্ভতো আলোচনা কৰে। তেওঁলোকে ...