October 24, 2024 1:00 PM

views 66

তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ জাৰ্মানীৰ চেন্সেলৰ অ’লাফ ছোল্‌জ

জাৰ্মানীৰ চেন্সেলৰ অ'লাফ ছোল্‌জ সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰত পাবহি। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চেন্সেলৰ ছোল্‌জে কাইলৈ আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰিব। আন্তঃচৰকাৰী পৰামৰ্শ বৈঠক পূৰ্ণ চৰকাৰী মঞ্চ আৰু ইয়াৰ অধীনত দুয়োপক্ষৰ মন্ত্ৰীসকলে নিজ নিজ ক্ষেত্ৰৰ দায়িত্ব সম্পর্কে আলোচনা কৰে আৰু ইয়াৰ প্রতিবেদন প্রধানমন্ত্ৰী আৰু চেন্সেলৰৰ হাতত প্ৰদান কৰে। দুয়োগৰাকী নেতাই কাইলৈ সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগিতা, ঘনিষ্ঠ অর্থনৈতিক সহযোগ...