November 29, 2025 1:05 PM

views 43

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮.২ শতাংশ জি ডি পি বৃদ্ধি

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮ দশমিক ২ শতাংশ জি ডি পি বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃদ্ধিৰ প্ৰশংসা কৰি কয়, যে চৰকাৰৰ বুদ্ধি সমর্থক নীতি আৰু সংস্কাৰৰ ফলতেই জি ডি পিৰ এই উৎসাহজনক বৃদ্ধি সম্ভৱ হৈছে। তেওঁ লগতে কয়, যে এই বৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যমিতাকো প্রতিফলিত কৰিছে। শ্রীমোদীয়ে লগতে কয়, যে জনসাধাৰণৰ জীৱন সহজ কৰি তোলাৰ বাবে চৰকাৰৰ এই ধৰণৰ সংস্কাৰ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব।