July 18, 2026 9:34 AM

views 2

গাজাত এটা অন্ত্যেষ্টিক্ৰিয়াত সমৱেত লোকৰ ওপৰত ইজৰাইলৰ বিমান আক্রমণ; ৭জন নিহত, ২২জন আহত

গাজাত কালি এটা অন্ত্যেষ্টিক্ৰিয়াত সমৱেত লোকসকলৰ ওপৰত ইজৰাইলে চলোৱা বিমান আক্রমণত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ২২ জন লোক আহত হয়। নুছেইৰাট শৰণাৰ্থী শিবিৰৰ আৱদা হাস্পতালে নিহত আৰু আহত লোকসকলৰ সংখ্যা নিশ্চিত কৰিছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত ইজৰাইলৰ সেনাই কোনো তাৎক্ষণিক মন্তব্য প্ৰকাশ কৰা নাই । ইজৰাইল আৰু হামাছ গোটে বিগত অক্টোবৰত দুবছৰ জুৰি চলা সংঘৰ্ষ বন্ধ কৰাৰ লক্ষ্যৰে চুক্তিত সন্মতি প্ৰকাশ কৰিছিল। ফলত সংঘৰ্ষৰ আটাইতকৈ ভয়াৱহ অৱস্থাৰ শাম কাটিছে যদিও চুক্তি কাৰ্যকৰী হোৱাৰ পাছৰে পৰা গাজাত কমেও এহেজাৰ ...