May 16, 2025 8:25 PM

views 34

বিশিষ্ট কণ্ঠশিল্পী গায়ত্রী হাজৰিকাৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী গায়ত্রী হাজৰিকাৰ আজি আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪৩ বছৰ। সৰা পাতে পাতে ফাগুন নামে, জোনাক নাছিল বনত, মন মোৰ উৰি ফুৰে, যেতিয়া জোনাক নামিছিল, মাথো এজাক বৰষুণ আদিকে ধৰি বহুকেইটা জনপ্ৰিয় গীতেৰে জনসাধাৰণক মোহাচ্ছন্ন কৰা গায়ত্ৰী হাজৰিকাই ২০২১ চনত ৰত্নাকৰ বোলছবিৰ ৰাতি ৰাতি শীৰ্ষক গীতটোৰ বাবে শ্রেষ্ঠ কণ্ঠ শিল্পীৰ প্ৰাগ চিনে এৱাৰ্ড লাভ কৰিছিল। তেওঁ বৈদেহি, ৰ'দালি, দামিনি, পৰিনিত...