May 28, 2025 9:04 PM

views 53

নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ সংবাদ মেল

অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ কোনো সংস্থাৰ সৈতে তেওঁৰ কোনো প্ৰকাৰৰ যোগাযোগ থকাৰ অভিযোগ অস্বীকাৰ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পূর্ণ ভিত্তিহীন বুলি অভিহিত কৰে। গগৈয়ে অৱশ্যে কয় যে ১৪-১৫ বছৰ আগতে তেওঁৰ পত্নীয়ে এটা আন্তর্জাতিক স্বেচ্ছাসেৱী সংগঠনত কাম কৰাৰ সূত্ৰে তেওঁয়ো পাকিস্তান ভ্ৰমণলৈ গৈছিল। এই ভ্রমণ সম্পূর্ণ বৈধ আছিল বুলিও শ্ৰীগগৈয়ে দাবী কৰে ৷ কংগ্ৰ...