August 7, 2026 7:55 PM

views 8

গুৱাহাটী মহাবিদ্যালয়ত অস্মিতা আৰু যুৱ সাহিত্য শীর্ষক দুটা বিশেষ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনৰ সাহিত্য একাডেমীৰ উদ্যোগত আৰু গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে আন্তঃমান নিৰূপণ গোটৰ সহযোগত আজি গুৱাহাটী মহাবিদ্যালয়ত অস্মিতা আৰু যুৱ সাহিত্য শীর্ষক দুটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সাধাৰণ সম্পাদক জিন্টু শৰ্মাই অনুষ্ঠানৰ আঁত ধৰাৰ লগতে সভাপতি ধৰণী লাহনে যুৱ লেখকৰ সাহিত্য পাঠৰ অনুষ্ঠান যুৱ সাহিত্য সঞ্চালনা কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে ছাত্র-ছাত্রীসকলেও অংশগ্ৰহণ কৰে।