December 13, 2025 12:40 PM

views 31

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰুদ্ধে ১,১৬৪ গৰাকী অধিবক্তাৰ ভোট

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰুদ্ধে এহেজাৰ ১৬৪ গৰাকী অধিবক্তাই ভোট দিয়ে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয় স্থানান্তৰৰ চৰকাৰৰ সিদ্ধান্তৰ সপক্ষে মাত্র ১৪৫ গৰাকী অধিবক্তাইহে ভোটদান কৰে। উত্তৰ গুৱাহাটীলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই বাৰ এছ'ছিয়েচনে দীর্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যদিও চৰকাৰে এই প্রতিবাদক বিশেষ গুৰুত্ব দিয়া নাছিল। আনকি উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপনৰ বাবেও চৰকাৰ সাজু হৈ থকাৰ আগমুহূৰ্তত যোৱা ৮ৰ পৰা ১১ ডিচেম্বৰলৈ গ...