September 25, 2026 11:39 AM

views 4

ডিজেলচালিত চিটী বাছ আঁতৰোৱাৰ অসম চৰকাৰৰ সিদ্ধান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমোদন

গুৱাহাটীৰ খানাপাৰাৰ পৰা ধাৰাপুৰলৈ ২৩ নম্বৰ পথ আৰু বশিষ্ঠ মন্দিৰৰ পৰা পল্টন বজাৰ হৈ ধাৰাপুৰলৈ ৩৬ নম্বৰ পথটোক গ্রীণ ৰুট হিচাপে গঢ়ি তুলি এই দুটা পথত চলাচল কৰা ডিজেলচালিত চিটী বাছ আঁতৰোৱাৰ অসম চৰকাৰৰ সিদ্ধান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমোদন জনাইছে। ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে মেট্রপলিটান ট্রেন্সপোর্ট এছ'চিয়েচন, গুৱাহাটীয়ে দাখিল কৰা দুখনকৈ লেখ আবেদন খাৰিজ কৰি আঞ্চলিক পৰিবহন প্ৰাধিকৰণ কামৰূপৰ সংশ্লিষ্ট সিদ্ধান্ত বাহাল ৰাখে। আদালতৰ ৰায় অনুসৰি ২০২১ চনৰ ২০ আগষ্টত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত গুৱাহা...