July 13, 2026 12:30 PM
3
গগনযান ক্রু মডিউল ব্যৱস্থাৰ তিনিটা ডাঙৰ পৰীক্ষা সফলতাৰে সম্পন্ন ইছৰোৰ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই গগনযান ক্রু মডিউল ব্যৱস্থাৰ তিনিটা ডাঙৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ইয়াৰ প্ৰথম পৰীক্ষাটো আছিল সাগৰত ছিটিকি পৰাৰ পিছত ক্রু মডিউলৰ বাবে উলম্ব অৱস্থান নিশ্চিত কৰা। ইয়াৰ বাবে এটা সংৰক্ষিত শীতল গেছ ভিত্তিক আপৰাইটিং ব্যৱস্থা বিকশিত কৰি পৰীক্ষা কৰা হৈছিল। দ্বিতীয় পৰীক্ষাটোত মহাকাশচাৰীসকলে বাস কৰা ক্রু মডিউল আৰু শক্তি প্ৰদান কৰা সেৱা মডিউলৰ মাজত সংযোগ হিচাপে কাম কৰা ব্যৱস্থাটোৰ পৃথকীকৰণ পৰীক্ষা কৰা হৈছিল।