June 9, 2024 12:45 PM

views 27

পোলেণ্ডৰ ইগা ছুইটেকৰ ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

বিশ্বৰ এক নম্বৰ স্থানৰ পোলেণ্ডৰ ইগা ছুইটেকে ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। খেলুৱৈগৰাকীয়ে কালি ফাইনেলত ইটালীৰ জেস্মিন পাঅ’লিনিক ৬-২, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে ছুইটেকে ক্ৰমাগতভাৱে তিনিবাৰকৈ ফ্ৰেন্স অপেনৰ খিতাপ হস্তগত কৰাৰ কৃতিত্ব অৰ্জন কৰে। ইপিনে, পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়া চতুর্থ বাছনিপ্রাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।