July 27, 2026 11:28 AM

views 33

ফান্স আৰু স্পেইনৰ প্ৰায় ৩ লাখ লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে

ফান্স আৰু স্পেইনৰ প্ৰায় ৩ লাখ লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে। বনজুইয়ে বৃহৎ অঞ্চল ছানি ধৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ ঐতিহাসিক চহৰ বৰদাওৰ কাষৰীয়া ঠাইলৈ প্রায় ২ লাখ ২০ হাজাৰ লোকক স্থানান্তৰিত কৰা হৈছে। বনজুইৰ ফলত আটলাণ্টিক উপকূলৰ কেপ ফেৰেট উপদ্বীপৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চহৰখনৰ প্ৰায় ১৫ কিলোমিটাৰলৈ বনজুই বিয়পি পৰিছে। বৰদাওৰ মেয়ৰ থ'মাছ কেজেনাভে কয়, যে সম্প্রতি এই চহৰখনৰ পৰা লোকসকলক আঁতৰাই নিয়াৰ কোনো পৰিকল্পনা নাই। কর্তৃপক্ষই পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ কয়। ফ্রান্সৰ গৃহমন্ত্...