March 26, 2025 1:22 PM

views 47

প্রাক্তন কেবিনেট সচিব ৰাজীৱ গৌবাক নিটি আয়োগৰ পূৰ্ণকালীন সদস্য নিযুক্তি

প্রাক্তন কেবিনেট সচিব ৰাজীৱ গৌবাক নিটি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ড কেডাৰৰ ১৯৮২ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্রীগৌবাই ২০১৯ চনৰ পৰা ২০২৪ আগষ্টলৈকে দেশৰ শীৰ্ষ আমোলা হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ক'ভিড-১৯ৰ পিছত ভাৰতৰ অর্থনৈতিক পুনৰুদ্ধাৰ কৌশলকে ধৰি দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ লগতে কেন্দ্ৰীয় গৃহ সচিব, নগৰ উন্নয়ন মন্ত্ৰ্যালয়ৰ সচিব আৰু ঝাৰখণ্ডৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।