June 16, 2026 8:30 PM

views 26

আমেৰিকা যুক্তৰাষ্ট্ৰৰে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তি সন্দৰ্ভত ইৰাণৰ বিদেশ মন্ত্রী আব্বাছ অৰাঘছিৰ মন্তব্য

ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তিৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ পৰা পিচ হুহকি যাব লাগিব বুলি প্ৰকাশ কৰিছে। ইৰাণৰ বিদেশ মন্ত্রী আববাছ অৰাঘছিয়ে আজি কয় যে ইজৰাইলে এতিয়াও লেবাননৰ দক্ষিণ প্রান্ত দখল কৰি আছে আৰু ইয়াৰ ফলত আমেৰিকা আৰু ইৰাণৰ মাজত চূড়ান্ত হোৱা বুজাবুজিৰ চুক্তি উলংঘা কৰা হৈছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই লেবানন চূড়ান্ত চুক্তিৰ অংশ হয় নে নহয় এতিয়ালৈকে স্পষ্ট কৰা নাই। ইপিনে, ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুরে কালি চুক্তিখনক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম...