November 24, 2024 6:14 PM

views 72

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া বিদেশ ভ্ৰমণৰ বিষয়ে মন কী বাতত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত তেওঁৰ শেহতীয়া গায়েনা ভ্ৰমণৰ বিষয়ে আনন্দ প্রকাশ কৰি কয়, যে গায়েনাত এখন মিনি ইণ্ডিয়া বাস কৰে। প্ৰায় ১৪০ বছৰৰ আগতে ভাৰতীয় লোকসকলক পথাৰত কাম কৰিবলৈ বা অন্যান্য কামৰ বাবে গায়েনালৈ লৈ যোৱা হৈছিল। শ্রীমোদীয়ে কয়, যে গায়েনাত থকা ভাৰতীয় মূলৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে দেশখনক নেতৃত্ব প্ৰদান কৰি আহিছে। তেওঁ কয়, যে গায়েনাৰ ৰাষ্ট্ৰপতিও ড০ ইৰফান আলীও ভাৰতীয় মূলৰ আৰু তেওঁ নিজৰ ভাৰতীয় ঐতিহ্যক লৈ গৌৰান্বিত। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ...