September 29, 2025 8:08 PM

views 23

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে তামিলনাডুৰ কাৰুৰ ভ্ৰমণ কৰি ৰাজনৈতিক সমাৱেশত সংঘটিত পদপিষ্টৰ ঘটনাৰ বুজ লয়

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি তামিলনাডুৰ কাৰুৰ ভ্ৰমণ কৰি শনিবাৰে ৰাজনৈতিক সমাৱেশত সংঘটিত পদপিষ্টৰ ঘটনাৰ বুজ লয়। এই ঘটনাত মৃতকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নির্মলা সীতাৰমণে কয়, যে প্রধানমন্ত্ৰীয়ে ঘটনাৰ বুজ ল'বৰ বাবে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগান আৰু বিত্ত মন্ত্ৰীগৰাকীক দায়িত্ব অর্পণ কৰিছে। এই ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দি নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। ইয়াৰ পূৰ্বে মন...