September 27, 2025 8:03 PM

views 44

গুৱাহাটীত আজি পাণবজাৰৰ উৰণ সেতু আৰু পানীখাইতিৰ উৰণ সেতু আনুষ্ঠানিক ভাৱে উদ্বোধন

 ৰাজ্যৰ যাতায়াত ব্যৱস্থাক নতুন মাত্রা দি আজি গুৱাহাটীত দুখন উৰণ সেতু উদ্বোধন কৰা হয়। ৪৭ কোটি টকা ব্যয় সাপেক্ষে আজি পাণবজাৰৰ ৬০ বছৰ পুৰণি উৰণ সেতুৰ ঠাইত ২৯০ মিটাৰ দৈৰ্ঘ্যৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰা হয়। এই উৰণ সেতুৱে পাণবজাৰ অঞ্চলত যানজটৰ সমস্যা হ্ৰাস কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতু উদ্বোধন কৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দিছপুৰৰ বিধায়ক অতুল বৰা উপস্থিত থাকে। গুৱাহাটীৰ পানীখাইতিৰ নাৰেংগী-ভকতগাঁও সংযো...