August 10, 2026 9:46 PM

views 21

ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি; ভালেসংখ্যক বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩ দশমিক ৪-৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দ...