August 3, 2026 7:07 PM

views 2

উজনি অসমৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে মহানগৰীত সুৰ বাহিনীৰ বান সাহায্য সংগ্ৰহ

উজনি অসমৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে সুৰ বাহিনীয়ে আজি দ্বিতীয় দিনা মহানগৰীৰ ৰাজপথত ৰাইজৰ পৰা বান সাহায্য সংগ্ৰহ কৰে। দিনটোৰ আৰম্ভণিতে দলটোৱে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ সমন্বয় তীৰ্থত উপস্থিত হয়।  পৰৱৰ্তী সময়ত জালুকবাৰীৰ পৰা মালিগাঁৱলৈ দান-বৰঙণি সংগ্ৰহ কৰে। উল্লেখযোগ্য যে, সুৰ বাহনীয়ে অহা ৯, ১০ আৰু ১১ আগষ্টত উজনি অসমত চিকিৎসা শিবিৰৰ আয়োজন কৰিব। লগতে এহেজাৰ পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব।