August 13, 2025 8:07 PM

views 57

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত পুনৰ বান

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। প্রবল বৰষুণৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ খহনীয়াই পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাইজানত খহনীয়াৰ ফলত বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন গৈছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় নগৰৰ মাইজান ঠাকুৰবাৰী আৰু বৰশ‍ইকীয়াত ব্ৰহ্মপুত্ৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে। খহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগক স্থানীয় ৰাইজে আহ্বান জনাইছে। ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলোৱাত স্বাভাৱিক জীৱন ...