September 16, 2025 12:56 PM

views 36

নেৰানেপেৰা বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি

বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আজি পুৱাৰ ভাগত শিলচৰৰ অন্নপূর্ণা ঘাটৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি হৈ ২০ দশমিক ২৯ মিটাৰ হৈছে। ইয়াৰ ফলত শিলচৰকে ধৰি সমগ্ৰ জিলাখনত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই সাধাৰণ জনতাক সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। জিলা প্রশাসনে জনোৱা মতে সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগ...