August 10, 2025 7:39 PM

views 34

দেওবাৰে চাইকেল চলোৱা পদক্ষেপে ‘ফিট ইণ্ডিয়া’ আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে বুলি  কেন্দ্ৰীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ মন্তব্য

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ কল্যাণ মন্ত্রী মনসুখ মন্দাভিয়াই আজি কয় যে দেওবাৰে চাইকেল চলোৱা পদক্ষেপে 'ফিট ইণ্ডিয়া' আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা কয়। তেওঁ কয় যে, এতিয়ালৈকে সমগ্ৰ দেশৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ পঞ্চায়ত প্রতিনিধিয়ে এই অনুষ্ঠানত অংশগ্রহণ কৰি 'ফিট ইণ্ডিয়া'ৰ বাৰ্তা বিয়পাইছে। ইয়াৰ ফলত গাঁওসমূহক আন্দোলনৰ সৈতে সংযোগ স্থাপন কৰা হৈছে বুলিও শ্রী মন্দাভিয়াই প্রকাশ কৰে...