October 24, 2026 4:03 PM
3
বিহাৰত অবৈধভাৱে আতচবাজী নিৰ্মাণ কৰা বাসগৃহত বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু
বিহাৰৰ ছিৱান জিলাৰ আলমপুৰ গাঁৱত অবৈধভাৱে আতচবাজী নিৰ্মাণ কৰা এটা বাসগৃহত বিস্ফোৰণৰ ফলত কালি ৫ জন লোকৰ মৃত্যু হয়। জামো আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত সংঘটিত এই ঘটনাত এটা দুমহলীয়া ভৱন ভাঙি পৰে। নিহতসকলৰ ভিতৰত এজন আতচবাজীৰ ব্যৱসায়ী, তেওঁৰ পৰিয়ালৰ সদস্য আৰু দুজন কৰ্মচাৰী আছে। ছিৱানৰ আৰক্ষী অধীক্ষক ভাৰত-ছোনিয়ে সাংবাদিকৰ আগত জনোৱা মতে ঘটনাৰ তদন্তৰ বাবে মহাৰাজ গঞ্জৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে। ইপিনে, জামো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ কুমাৰক কৰ্তব্যত গাফিলতিৰ বাবে তাৎক্ষণ...