May 26, 2024 8:27 PM

views 43

দিল্লীৰ এখন শিশু চিকিৎ‍সালয়ত সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে মুখ্য সচিবক উপ ৰাজ্যপাল ভি কে ছাক্সেনাৰ নিৰ্দেশ

দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ এখন শিশু চিকিৎ‍সালয়ত হোৱা শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে দিল্লীৰ মুখ্য সচিবক নিৰ্দেশ দিছে। শ্ৰীছাক্সেনাই দিল্লীৰ আৰক্ষী আয়ুক্তক সকলো ধৰণৰ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে নিহত শিশুসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সম্ভাব্য সকলো ধৰণৰ সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে। শ্রীছাক্সেনাই লগতে এই ঘটনাৰ বাবে দোষী সাব্যস্ত হোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰিছে।

May 26, 2024 7:28 PM

views 28

দিল্লীৰ বিবেক বিহাৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত হোৱা শিশুসকলৰ মৃত্যুত ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিল্লীৰ বিবেক বিহাৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত হোৱা শিশুসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমতী মুর্মুৱে নিহত শিশুসকলৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহত শিশুসকলৰ আশু আৰোগ্য কামনা কৰে । উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও সদ্যজাত শিশুসকলৰ মৃত্যুত দুখ প্ৰকাশ কৰে। তেওঁ নিহত শিশুসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি আহত শিশুসকল সোনকালে সুস্থ হৈ উঠাৰ আশা ৰাখে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ যোগে...