November 14, 2024 8:51 PM

views 30

দেশৰ কৃষকসকলক কোনো অপশক্তিয়ে বিভাজিত কৰিব নোৱাৰেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে, যে দেশৰ কৃষকসকলক কোনো অপশক্তিয়ে বিভাজিত কৰিব নোৱাৰে আৰু এই কৃষক শ্ৰেণীয়ে হৈছে জাতিয়তাবাদৰ উৎকৃষ্ট উদাহৰণ। আজি আজমেৰৰ ওচৰৰ পুষ্কৰত শ্ৰী ধনখড়ে ১০৫ সংখ্যক ৰাষ্ট্ৰীয় জাট অধিৱেশনত অংশগ্ৰহণ কৰি এনেদৰে কয়। উপ-ৰাষ্ট্ৰপতিজনে কৃষকসকলক মূল্যবোধ তথা শুদ্ধ পথেৰে যুৱপ্ৰজন্মক আগবঢ়াই নিবলৈ আহ্বান জনায়। ইয়াৰ লগতে তেওঁ পৰিয়াল তথা পৰিৱেশৰ প্ৰতি দায়িত্বশীল হোৱাৰ লগতে নিজ নিজ কর্তব্যসমূহ সঠিকভাৱে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই ভ্ৰমণৰ সময়ত ব্ৰহ্মমন্দিৰ আৰু জা...