July 6, 2024 11:55 AM

views 24

পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত ১০০০কৈ অধিক গোচৰ সমাধান

পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত এহেজাৰতকৈ অধিক গোচৰ সমাধান কৰা হৈছে। উল্লেখযোগ্য যে, পেঞ্চন আৰু পেঞ্চনাৰসকলৰ কল্যাণ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ জীৱন সুচল কৰি তোলৰ বাবে পহিলা জুলাইৰ পৰা এমাহ জোৰা এই বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানত উৎকৃষ্ট প্ৰদৰ্শন কৰা সকলৰ ভিতৰত প্ৰাক্তন সৈনিক কল্যাণ বিভাগ, প্ৰতিৰক্ষা বিত্ত বিভাগ আৰু ৰে'ল মন্ত্ৰালয় আছে।