July 9, 2026 8:18 PM

views 6

জালনোট সৰবৰাহৰ গোচৰত উত্তৰ লখিমপুৰত ৩ লোকক গ্ৰেপ্তাৰ

জালনোট সৰবৰাহৰ গোচৰত গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে আজি উত্তৰ লখিমপুৰৰ পৰা ৩ জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক তিনিজন হৈছে উত্তৰ লখিমপুৰৰ হেজবুৰ ৰহমান, মিজানুৰ ৰহমান আৰু ইক্রামুল ইছলাম। জালনোট সৰবৰাহৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিওকে সোধাপোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, কিছুদিন পূর্বে জালনোট সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকর্মা নামৰ এজন লোক দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছিল। ধৃত অজয় সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে উত্তৰ লখিমপুৰৰ পৰা লোককেইজনক গ্ৰেপ্তাৰ কৰে।