June 14, 2026 8:23 PM
7
ৰাষ্ট্ৰীয় শিক্ষার্থী লেপটপ ২০২৬ৰ অধীনত বিনামূলীয়া লেপটপ বিতৰণৰ বাবে আবেদন পত্ৰ গ্ৰহণ সম্পৰ্কীয় বাতৰি ভুৱা বুলি চৰকাৰৰ প্ৰকাশ
ৰাষ্ট্ৰীয় শিক্ষার্থী লেপটপ ২০২৬ৰ অধীনত বিনামূলীয়া লেপটপ বিতৰণৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰা বুলি ভুৱা প্ৰচাৰ চলোৱা এটা হোৱাটছএপ বাৰ্তাৰ সত্যতা চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো পি আই বিৰ সত্যাসত্য নিৰূপনকাৰী গোটে স্পষ্ট কৰি দিয়ে যে চৰকাৰে এনে ধৰণৰ কোনো আঁচনি ঘোষণা কৰা নাই। এনে ধৰণৰ বাৰ্তাসমূহ সাধাৰণতে ব্যৱহাৰকাৰীৰ বিত্তীয় তথা ব্যক্তিগত তথ্য আহৰণ কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হয়। চৰকাৰে নাগৰিকসকলক এনে ধৰণৰ অপৰিচিত লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ দি এনে ধৰণৰ বাৰ্তা আনলৈ পঠিওৱাৰ আগতে চৰকাৰী উৎসৰ প...